মোদীৰ বন্ধু' হৈছে সমগ্ৰ অসমৰ সমাজ সচেতন আৰু উৎসাহিত যুৱক-যুৱতীসকলক একত্ৰিত কৰাৰ বাবে এক ডিজিটেল স্বেচ্ছাসেৱক পদক্ষেপ। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ডিজিটেল প্ৰসাৰ শক্তিশালী কৰা, উন্নয়নমূলক বাৰ্তাসমূহ প্ৰচাৰ কৰা আৰু স্বেচ্ছাসেৱকৰ এটা শক্তিশালী তন্ত্ৰ গঢ়ি তোলা। নিৰ্বাচিত স্বেচ্ছাসেৱকসকলে চৰকাৰৰ সফলতাসমূহ প্ৰচাৰ কৰিব, দৈনিক সমল (Content) শ্বেয়াৰ কৰিব, বিভিন্ন অভিযানত সক্ৰিয়ভাৱে অংশ ল'ব আৰু দায়িত্বশীলভাৱে অপপ্ৰচাৰ ৰোধ কৰাত সহায় কৰিব। ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ জৰিয়তে 'মোদীৰ বন্ধু' অসমৰ উন্নয়নৰ যাত্ৰাত সমৰ্থন জনোৱা এক নিষ্ঠাবান ডিজিটেল কৰ্মীৰ নেটৱৰ্ক হিচাপে গঢ়ি উঠিব।
আপুনি তলত দিয়া তিনিটা সহজ পদ্ধতিৰে এই অভিযানত অংশগ্ৰহণ কৰিব পাৰে:
'মোদীৰ বন্ধু' স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰিবলৈ এই ৱেবছাইটত থকা এটা সৰল প্ৰপত্ৰ (Form) পূৰণ কৰক।
এই পদক্ষেপত যোগদান কৰি ডিজিটেলী অৱদান আগবঢ়াবলৈ আপোনাৰ সবিশেষ তথ্য আৰু আগ্ৰহৰ বিষয়ে modibandhuassam@gmail.com লৈ ই-মেইল কৰক।
ৱেবছাইটলৈ গৈ লগে লগে আপোনাৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিবলৈ এই কিউ আৰ ক’ডটো স্কেন কৰক।